ভ্ৰাগছ আসক্তসকলক সুস্থ-সামাজিক জীৱনৰ শুদ্ধ পথলৈ ঘূৰাই অনাত গুৰুত্ব আৰোপ ৰাজ্য চৰকাৰৰ

 মুখ্যমন্ত্ৰীৰ নিৰ্দেশত স্বাস্থ্য-সমাজ কল্যাণ-কাৰাগাৰ প্ৰশাসন বিভাগ, এনজিঅ'ৰে নিশা বৈঠকত বহিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত 



দিছপুৰ, ২০ জুলাই: ৰাজ্যৰ ড্ৰাগচ আসক্ত যুৱক-যুৱতী তথা লোকসকলক এনে ক্ষতিকাৰক প্ৰৱণতাৰ পৰা  মুক্ত কৰি সুস্থ, সামাজিক জীৱনৰ শুদ্ধ পথলৈ ঘূৰাই অনাৰ বাবে অধিক ব্যাপকতৰ ৰূপত ড্ৰাগছ আসক্তি দূৰীকৰণ অভিযান চলোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি এই সন্দৰ্ভত স্বাস্থ্য বিভাগ, সমাজ কল্যাণ বিভাগৰ শীৰ্ষ বিষয়া বৰ্গ আৰু ৰাজ্যৰ কাৰাগাৰসমূহৰ মহাপৰিদৰ্শকৰ লগতে ড্ৰাগছ আসক্তি নিৰাময়েৰে ড্ৰাগছ আক্ৰান্তসকলৰ পুনৰসংস্থাপনৰ দিশত কাম কৰি থকা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। গুৱাহাটীস্থিত এনএইচএমৰ ৰাজ্যিক কাৰ্যালয়ত সোমবাৰে নিশা অনুষ্ঠিত হোৱা এই বৈঠকত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চাহু, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষমনন, সমাজ কল্যাণ সঞ্চালক বিভাষ মোদী, ৰাজ্যৰ কাৰাগাৰসমূহৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মা,  স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মণ, স্বাস্থ্যসেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনীন্দ্ৰ নাথ নাটে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিজ্ঞানৰ মূৰব্বী অধ্যাপক ডাঃ শ্ৰেশ চক্ৰৱৰ্তী, ড্ৰাগছ আসক্তসকলৰ পুনৰসংস্থাপনৰ বাবে কাম কৰা এনজিঅ' ক'শ্চেদাৰ মূৰব্বী ডাঃ সন্দীপ হান্সে, গুৱাহাটী ইয়ুথ ছ'চাইটীৰ প্ৰকল্প সঞ্চালক ছৈয়দ ছেলিম হক, আৰ কে মেম'ৰিয়েল ট্ৰাষ্টৰ অধ্যক্ষ গকুল বৈশ্যৰ লগতে আছাম এইডছ কণ্ট্ৰোল ছ'চাইটী আদি সংস্থাৰ শীৰ্ষ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু কল্যাণ বিভাগৰ লগতে ৰাজ্যৰ সমাজ কল্যাণ বিভাগ আৰু ৰাজ্যিক এইডছ কণ্ট্ৰোল ছ'চাইটীৰ  অধীনত পঞ্জীয়নভুক্ত হৈ ইতিমধ্যে ৰাজ্যখনত এই দিশত কাম কৰি থকা এনজিঅ'সমূহৰ লগতে পঞ্জীয়নভুক্ত নোহোৱাকৈ ব্যক্তিগত ভাৱে ড্ৰাগছ আসক্তসকলক আসক্তিমুক্ত কৰি পঙনৰ সুস্থ-সামাজিক জীৱনলৈ ঘূৰাই অনাৰ বাবে কাম কৰি থকা আন স্বেচ্ছাসেৱী সংস্থাসমূহৰ সহায়ত ৰাজ্যত ড্ৰাগছ আসক্তিৰগ্ৰাসত পৰা নৱপ্ৰজন্মৰ যুৱক-যুৱতী তথা লোকসকলক আসক্তিমুক্ত কৰোৱাৰ এই পুনৰসংস্থাপন অভিযান অধিক ব্যাপক আৰু ফলপ্ৰসু ভাৱে আগবঢ়াই নিবলৈ ল'ব লগা কাৰ্যপন্থাৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। বৈঠকত ড্ৰাগছ আসক্তসকলৰ এই মানসিক ৰোগৰ উপযুক্ত চিকিৎসাৰ লগতে পৰামৰ্শ প্ৰদানেৰে তেওঁলোকক শুদ্ধ পথলৈ উভতিবলৈ উৎসাহিত কৰা আৰু এইক্ষেত্ৰত ভুক্তভোগী পৰিয়ালসমূহক সহায় আগবঢ়াব পৰাকৈ এক ফলপ্ৰসু কৌশল তথা কাৰ্যপন্থা উদ্ভাৱন কৰাত বিশেষ গুৰুত্ব আৰোপ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

ৰাজ্যৰ কাৰাগাৰসমূহত থকা ড্ৰাগছ আসক্ত কাৰাবন্দীসকলৰ মাজতো এনে ড্ৰাগছ আসক্তি নিৰাময়ৰ কাৰ্যব্যৱস্থা গ্ৰহণৰ বিষয়ত আলোচনা কৰা হয়। স্বাস্থ্য বিভাগেও এইক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়ে বৈঠকত স্বাস্থ্যমন্ত্ৰী মহন্তই সদৰি কৰি এইক্ষেত্ৰত স্বাস্থ্য বিভাগ, সমাজ কল্যাণ বিভাগ, ৰাজ্যৰ কাৰাগাৰ প্ৰশাসন বিভাগ আৰু এনজিঅ'সমূহৰ দ্বাৰা এক সমন্বিত তথা ফলপ্ৰসূ কৌশল যুগুতোৱাৰ পোষকতা কৰে। ৰাজ্যত বৰ্তমান চৰকাৰী আৰু বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাসমূহৰ তত্বাৱধানত পৰিচালিত ড্ৰাগছ আসক্তি দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰসমূহত ড্ৰাগছ আসক্তক ভৰ্তিকৰণৰ বাবে পৰ্যাপ্ত সুবিধা উপলব্ধ নোহোৱাৰ বিষয়টোও গুৰুত্ব সহকাৰে আলোচনা কৰি অধিক সংখ্যক ড্ৰাগছ আসক্তক সামৰি ল'ব পৰাকৈ জিলাই জিলাই এনে নিৰাময় কেন্দ্ৰসমূহৰ সামৰ্থ আৰু সংখ্যা বৃদ্ধিত ৰাজ্য চৰকাৰৰ ফালৰ পৰা পৃষ্ঠপোষকতা আগবঢ়াবলৈ সক্ৰিয় ভাৱে চিন্তা কৰা হৈছে বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিভাগকেইটাৰ লগতে এনজিঅ'সমূহৰ সৈতে আলোচনা কৰি এই বিষয়ত অতি শীঘ্ৰে এক উমৈহতীয়া কাৰ্যপন্থা নিৰূপণৰ বাবে স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিবদ্বয়ক বৈঠকত স্বাস্থ্যমন্ত্ৰীয়ে দায়িত্ব ন্যস্ত কৰে।

Comments

Popular posts from this blog

সকলো জিলাৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ সৈতে সন্ধিয়া ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।

প্ৰসূতি চাহ শ্ৰমিকৰ বাবে কাল হৈ পৰিছে উচ্চ ৰক্তচাপ