Posts

Showing posts from July, 2021

মৰিগাঁৱত চি আৰ পি এফ জোৱান প্ৰমোদ কুমাৰ সিঙৰ মহানুভৱতা

Image
এগৰাকী আঘাতপ্ৰাপ্ত মানসিক ৰোগীক নিজ হাতেৰে পোক লগা ঘাঁ চাফা কৰি চলাইছে চিকিৎসা: মানসিক ৰোগত আক্ৰান্ত মহিলা গৰাকীক সুস্থ কৰি তুলিবলৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান জোৱানৰ মৰিগাঁও,১৯ জুলাই:-- যান্ত্ৰিকতাৰ যুগতো মানৱতা আজিও হেৰাই যোৱা নাই। এগৰাকী অসহায় মানসিক ৰোগীৰ ক্ষেত্ৰত দেখুওৱা মহানুভৱতাক প্ৰমাণ কৰিলে মৰিগাঁৱত কৰ্মৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এজন জোৱানে। মৰিগাঁৱৰ এগৰাকী মানসিক ৰোগীৰ কিছুদিনৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হৈ এখন ভৰি গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। মৰিগাঁও চহৰৰ মাজমজিয়াত ঘূৰি ফুৰা মহিলা গৰাকীৰ আঘাতপ্ৰাপ্ত ভৰিখনত দিন বাগৰাৰ লগে লগে ঘাঁ লাগি পোক দিয়াৰ ফলত অসহ্য যন্ত্ৰণাত ভুগি চটফটাই থকা মহিলা গৰাকীক নিৰীক্ষণ কৰি আছিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এজন জোৱানে। মৰিগাঁৱত কৰ্মৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১২৮নং বেটেলিয়নৰ প্ৰমোদ কুমাৰ সিং নামৰ জোৱান জনে আঘাতপ্ৰাপ্ত মানসিক ৰোগাক্ৰান্ত মহিলা গৰাকীৰ পোক লগা ঘাঁ নিজ হাতেৰে চাফা কৰি সুস্থ কৰিবলৈ দুদিন ধৰি অহৰহ চেষ্টা চলাই আহিছে। সেই লৈ সমগ্ৰ জিলা খনতে প্ৰমোদ কুমাৰ সিং নামৰ জোৱান জনে সকলোৱে দৃষ্টি আকৰ্ষণ ...

সকলো জিলাৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ সৈতে সন্ধিয়া ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।

Image
এনএইচএমৰ গুৱাহাটীস্থিত ৰাজ্যিক কাৰ্যালয়ৰ পৰা জিলা সদৰসমূহত থকা ডিচি-এছপিৰে ভিডিঅ' কনফাৰেন্স স্বাস্থ্যমন্ত্ৰীৰ । স্বাস্থ্য বিভাগৰ প্ৰধান সঞ্চালক অনুৰাগ গোৱেল, স্বাস্থ্য সচিব সিদ্ধাৰ্থ সিং, এনএইচএম অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষমনন, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালক তথা ক'ভিড প্ৰতিষেধকৰ ন'ডেল বিষয়া মুনীন্দ্ৰনাথ নাটে, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মনেও ভাগ লৈছে এই ভিডিঅ' কনফাৰেন্সত। পুনৰ এসপ্তাহলৈ 'টোটেল কনটেইনমেণ্ট' ব্যৱস্থাৰ অধীনত সম্পূৰ্ণ সান্ধ্য আইন বাহাল ৰখা ৫খন জিলা গোলাঘাট, লখিমপুৰ, যোৰহাট, বিশ্বনাথ, শোণিতপুৰৰ উপায়ুক্তৰ পৰা নিজ নিজ জিলাত ক'ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে লোৱা কাৰ্যব্যৱস্থাৰ খতিয়ান লোৱা হয়। এই পাঁচখন জিলাৰ লগতে মৰিগাঁও, গোৱালপাৰা জিলাক পূৰ্ণ সতৰ্কতা অব্যাহত ৰখাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ। তদুপৰি ডিব্ৰুগড়, শিৱসাগৰ আৰু নগাঁও জিলাকো বৰ্ধিত সংক্ৰমণ ৰোধৰ বাবে সতৰ্ক থাকিবলৈ দিহা।এই দহখন জিলাত কনটেইনমেণ্ট জ'ন, মাইক্ৰ কনটেইনমেণ্ট জ'নৰ ব্যৱস্থাপনা সুচাৰুভাৱে পৰিচালনাৰ দিহা দিয়ে স্বাস্থ্যমন্ত্ৰী...

ভ্ৰাগছ আসক্তসকলক সুস্থ-সামাজিক জীৱনৰ শুদ্ধ পথলৈ ঘূৰাই অনাত গুৰুত্ব আৰোপ ৰাজ্য চৰকাৰৰ

Image
 মুখ্যমন্ত্ৰীৰ নিৰ্দেশত স্বাস্থ্য-সমাজ কল্যাণ-কাৰাগাৰ প্ৰশাসন বিভাগ, এনজিঅ'ৰে নিশা বৈঠকত বহিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত  দিছপুৰ, ২০ জুলাই: ৰাজ্যৰ ড্ৰাগচ আসক্ত যুৱক-যুৱতী তথা লোকসকলক এনে ক্ষতিকাৰক প্ৰৱণতাৰ পৰা  মুক্ত কৰি সুস্থ, সামাজিক জীৱনৰ শুদ্ধ পথলৈ ঘূৰাই অনাৰ বাবে অধিক ব্যাপকতৰ ৰূপত ড্ৰাগছ আসক্তি দূৰীকৰণ অভিযান চলোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি এই সন্দৰ্ভত স্বাস্থ্য বিভাগ, সমাজ কল্যাণ বিভাগৰ শীৰ্ষ বিষয়া বৰ্গ আৰু ৰাজ্যৰ কাৰাগাৰসমূহৰ মহাপৰিদৰ্শকৰ লগতে ড্ৰাগছ আসক্তি নিৰাময়েৰে ড্ৰাগছ আক্ৰান্তসকলৰ পুনৰসংস্থাপনৰ দিশত কাম কৰি থকা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। গুৱাহাটীস্থিত এনএইচএমৰ ৰাজ্যিক কাৰ্যালয়ত সোমবাৰে নিশা অনুষ্ঠিত হোৱা এই বৈঠকত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চাহু, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষমনন, সমাজ কল্যাণ সঞ্চালক বিভাষ মোদী, ৰাজ্যৰ কাৰাগাৰসমূহৰ মহাপৰিদৰ্শক...

প্ৰসূতি চাহ শ্ৰমিকৰ বাবে কাল হৈ পৰিছে উচ্চ ৰক্তচাপ

Image
 চাহ বাগানত অধ্যুষিত জিলা সমূহত বৃদ্ধি ঘটিছে প্ৰসূতি মৃত্যুৰ সংখ্যা   হিমাংশু অনুপম ২৪ এপ্ৰিল : চাহৰ বাবে বিশ্ববিখ্যাত অসম। অসমৰ চাহে বিশ্বৰ বজাৰত এক সুকীয়া স্থান দখল কৰি আহিছে। প্ৰায় ১৫০ বছৰ ধৰি অসমে বিশ্বক পুৱতিৰ চাহকাপ যোগান ধৰি আহিছে। ৰাজ্যত প্ৰায় ১,০০০তকৈও অধিক চাহ বাগিচা আছে। বিশেষকৈ মধ্য আৰু উজনি অসমৰ জিলাসমূহৰ লগতে বৰাক উপত্যকাৰ কেইবাখনো জিলাত বহুল মাত্ৰাত চাহ বাগান আছে। বছৰ বছৰ ধৰি চাহে মৰ অৰ্থনীতিত এক বৃহৎ ভূমিকা গ্ৰহণ কৰি আহিছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনত প্ৰায় ৬৫ লাখ চাহ জনগোষ্ঠীৰ লোক আছে, যি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৮ শতাংশ। কিন্তু পৰিতাপৰ বিষয় যে বছৰ বছৰ ধৰি এই জনগোষ্ঠীটো ৱহেলিত হৈ আহিছে। শিক্ষা আৰু স্বাস্থ্যৰ দৰে মৌলিক সুবিধাসমূহ উপযুক্তভাৱে প্ৰদান কৰা হোৱা নাই, যাৰ বাবে প্ৰচলিত সমাজধাৰাতকৈ বহুখিনি পিছ পৰি আছে চাহ জনগোষ্ঠী। আনহাতে অতি নিম্ন মজুৰিৰে কাম কৰি অহা চাহ-শ্ৰমিকসকল আৰ্থিক দিশত সচ্ছল হ’ব পৰা নাই। উল্লেখ্য যে অধিক মাত্ৰাত নিমখ খাদ্যৰ সৈতে গ্ৰহণ কৰাৰ ফলত চাহ-শ্ৰমিকসকলৰ মাজত বিভিন্ন ৰোগে দেখা দিয়া পৰিলক্ষিত হৈছে। লক্ষণীয় যে শেহতীয়াকৈ প্ৰসূতি চাহ ...